Header Ads Widget

Well come to the Blog of thejobinassam.in

Health Benefit of Kona Simulu

Health Benefit of Kona Simulu

কণা শিমলু এবিধ নিজে নিজে হোৱা উপকাৰী বনৌষধি উদ্ভিদ ।

এই উদ্ভিদ জোপাৰ ঠাৰিৰ পৰা ওলোৱা আঠা জাতীয় ৰস নানা ৰোগত বনৌষধ হিচাপে ব্যৱহাৰ কৰা হয় ।

কণা শিমলুৰ কোমল আগবোৰ আঞ্জা হিচাপে ভাজি খাব পাৰি ।

# শৰীৰত হোৱা কটা ঘাঁ-ফোঁহা , খৰ , খজুৱতি আদিত কণা শিমলুৰ ঠাৰি পিচি তাৰ আঠা লগালে সোনকালে উপশম পোৱা যায় ।

# চকুত আচিনা উঠিলে কণা শিমলু বনৰ ঠাৰিৰ আঠা আচিনা হোৱা অংশত লগালে উপকৃত হয় ।

# প্ৰসূতি আৰু দুগ্ধৱতী মাতৃ সকলৰ বাবে উপকাৰী বনৌষধি উদ্ভিদ কণা শিমলু । ইয়াৰ কোমল আগ দাইলত দি বা ভাজি খাব পাৰে । মাগুৰ , শিঙি মাছৰ লগত জালুকীয়া আঞ্জা কৰিও খাব পাৰে ।

# প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা , প্ৰস্ৰাৱৰ সংক্ৰমণত কণা শিমলুৰ ৰস উপকাৰী ।

# উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকে মাজে মাজে কণা শিমলুক শাক হিচাপে খালে উপকৃত হয় ।

# ডায়েবেটিছ ৰোগীয়ে মাজে মাজে কণা শিমলুক শাক হিচাপে খালে প্ৰস্ৰাৱৰ অন্য সমস্যা, স্নায়ুজনিত , প্ৰষ্টেটৰ সমস্যা আদিৰ পৰা হাত সাৰি থাকিব পাৰে ।

# চৰ্দি , টনচিলাইটিছ , ফেৰিংজাইটিছ , জণ্ডিচ আদিতো কণা শিমলুৰ ৰস খালে উপকাৰ পোৱা যায় ।

Post a Comment

0 Comments