অমিতা পাতৰ ৰসৰ উপকাৰী গুণ
বিশেষজ্ঞ সকলৰ মতে , অমিতা পাতৰ ৰসত তেজৰ প্লেটলেট বঢ়াব পৰা গুণ আছে । যিটো ডেংগু জ্বৰ হোৱা ৰোগীৰ বাবে অতি উপকাৰী ।
মেলেৰিয়া , টাইফয়দ ৰোগীৰ বাবেও অমিতা পাতৰ ৰসে মহৌষধৰ কাম কৰে ।
এণ্টি-অক্সিডেণ্ট গুণ যুক্ত অমিতা পাতত অধিক মাত্ৰাত আইৰণ , কেলছিয়াম , মেগনেছিয়াম , পটাছিয়াম , জিংক , ক'পাৰ আদি উপাদান পোৱা যায় ।
ঔষধ হিচাপে ব্যৱহাৰ কৰিলে অমিতা পাতৰ ৰস প্ৰতি দিনে আহাৰ খোৱাৰ পাছত দুচামুচকৈ খাব লাগে । নিয়মিয়াকৈ এক সপ্তাহ মান খালেই সুফল পোৱা যায় ।
অমিতা গছৰ পুৰঠ পাত শুকুৱাই সৰু সৰু টুকুৰা কৰি চাহ তৈয়াৰ কৰিব পাৰি । দুচামুচ শুকান পাতৰ টুকুৰা ৫০০ মিলি গ্ৰাম মান পানীত ভালদৰে উতলাই অলপ ঠাণ্ডা কৰি চেকি লৈ চাহ হিচাপে খাব পাৰি ।.
এইদৰে কেঁচা সতেজ পাতো পানীত উতলাই খাব পাৰি ।
গৱেষণাৰ পৰা পোৱা তথ্য মতে , স্তন , পাকস্থলী , লিভাৰ , হাওঁফাওঁ আদি কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে অমিতা পাতৰ ৰসে ।
নিয়মিয়াকৈ অমিতা পাতৰ ৰস খালে ডায়েবেটিছ ৰোগীৰ তেজত শৰ্কৰাৰ পৰিমাণ কম হয় ।
জণ্ডিচ , ফেটি লিভাৰ আদি লিভাৰ জনিত সমস্যাত অমিতা পাতৰ ৰস অতি উপকাৰী ।
ৰক্তহীনতাৰ সমস্যাত অমিতা পাতৰ ৰস খালে উপকৃত হয় ।
অমিতা পাতৰ ৰস খালে বিভিন্ন ধৰণৰ বেক্টেৰিয়া জনিত জ্বৰ , ফাংগল ইনফেকচন , কৃমি , ফিটা পেলু আদি নাশ হয় ।
অমিতা পাতত থকা পেপেইন আৰু ছাইম'পেপেইন নামৰ দুবিধ এনজাইমে আমাৰ পাচন প্ৰক্ৰিয়াত সহায় কৰে ।পাচনতন্ত্ৰ শক্তিশালী কৰে , হজম ক্ষমতা বঢ়ায় ।
0 Comments